Share to: share facebook share twitter share wa share telegram print page

ৱিক্স্যনেৰী

ৱিক্স্যনেৰী
Wiktionary logoWiktionary logo
Detail of the Wiktionary main page. All major wiktionaries are listed by number of articles.
wiktionary.org মূলপৃষ্ঠাৰ স্ক্ৰীণশ্বট
ছাইটৰ প্ৰকাৰ অনলাইন অভিধান
উপলব্ধ ভাষা বহুভাষিক (১৭০ৰো বেছি)
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টি কৰা ব্যক্তি জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সমাজ
ৱেবছাইট www.wiktionary.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্স্যনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্স্যনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।

ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্স্যনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।

ইতিহাস আৰু বিকাশ

ডেনিয়েল এষ্টনৰ প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ এটা ধাৰণাৰ আঁত ধৰি ২০০২ চনৰ ১২ ডিচেম্বৰত [টোকা 1] ৱিক্স্যনেৰীৰ আৰম্ভণি হয়। ২০০৪ চনৰ ২৮ মাৰ্চত ফৰাচী আৰু প'লিচ ভাষাত ৱিক্স্যনেৰীৰ কাম আৰম্ভ হয়। তাৰ পাছত বহু ভাষাত ৱিক্স্যনেৰী আৰম্ভ কৰা হৈছে। ২০০৪ চনৰ ১ মে'লৈকে এটা অস্থায়ী ড'মেইন নামত (wiktionary.wikipedia.org) ৱিক্স্যনেৰীৰ কাম চলোৱা হৈছিল আৰু ইয়াক বৰ্তমানৰ ড'মেইন নামলৈ [টোকা 2] অনা হয়। ২০১৬ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি ৱিক্স্যনেৰীত ২.৫৯ কোটি অন্তৰ্ভুক্তি আছে।[2] ৬৬ লাখৰো অধিক অন্তৰ্ভুক্তিৰে ইংৰাজী ৱিক্স্যনেৰীয়েই সকলোতকৈ ডাঙৰ সংকলন। বৰ্তমান ৪১খন ৱিক্স্যনেৰী সংকলনত এক লাখৰো বেছি অন্তৰ্ভুক্তি আছে। [টোকা 3]

টোকা

  1. Wikipedia mailing list archive discussion announcing the opening of the Wiktionary project – Retrieved May 3, 2011
  2. Wiktionary's current URL is www.wiktionary.org.
  3. Wiktionary total article counts are here. Detailed statistics by word type are available here [1].

তথ্য সংগ্ৰহ

  • Krizhanovsky, Andrew (2010). "Transformation of Wiktionary entry structure into tables and relations in a relational database schema". arXiv:1011.1368Freely accessible [cs]. 
  • Krizhanovsky, Andrew (2010). "The comparison of Wiktionary thesauri transformed into the machine-readable format". arXiv:1006.5040Freely accessible [cs]. 
  • Lin, Feiyu; Krizhanovsky, Andrew (2011). "Multilingual ontology matching based on Wiktionary data accessible via SPARQL endpoint". Proc. of the 13th Russian Conference on Digital Libraries RCDL'2011. প্ৰকাশক Voronezh, Russia. pp. 19–26. 

বাহ্যিক সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya