জি. মাধৱন নায়াৰ
জি. মাধৱন নায়াৰ (ইংৰাজী: G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল। ২০০৯ চনত গণতন্ত্ৰ দিৱসৰ দিনা তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।[1] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৪৩ চনৰ ৩১ অক্টোবৰ তাৰিখে ভাৰতৰ ত্ৰৱানকোৰ ৰাজ্যৰ কুলশেখৰম (বৰ্তমানৰ কন্যাকুমাৰী জিলা, তামিলনাডু, ভাৰত) নামে ঠাইত মাধৱন নায়াৰৰ জন্ম হৈছিল। ১৯৬৬ চনত ত্ৰিবান্দ্ৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰ'নিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত মাধৱন নায়াৰে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত এটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। জীৱিকাৰকেট পদ্ধতিসমূহৰ ক্ষেত্ৰত নায়াৰ এগৰাকী নেতৃস্থানীয় প্ৰযুক্তিবিদ। বহুস্তৰীয় উপগ্ৰহ উৎক্ষেপণ যানসমূহৰ বিকাশ সাধনত তেওঁ ভালেমান গুৰত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান (PSLV) প্ৰকল্পটোৰ সঞ্চালক হিচাপে মাধৱন নায়াৰে পি এছ এল ভিৰ বিকাশ সাধনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।[2] বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ ভাৰতৰ ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যানৰ (GSLV) সফল উৎক্ষেপণৰো সাক্ষী হয়। তদুপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰল প্ৰণোদন পদ্ধতি কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ জি এছ এল ভিৰ বাবে ক্ৰায়'জেনিক্স ইঞ্জিনৰ ৰূপৰেখা আৰু বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল। মাধৱন নায়াৰে আগতে গ্ৰহণ কৰা স্থিতি নিম্নোক্ত তালিকাখনত উল্লেখ কৰা হ'ল:
অধিসদস্যপদ/সদস্যপদ
গ্ৰন্থৰাজি২০১৭ চনৰ আগষ্ট মাহত “অগ্নিপৰীক্ষাকল” নামেৰে তেওঁৰ আত্মজীৱনী প্ৰকাশ কৰা হয়।[3] তথ্য সূত্ৰ
বাহ্যিক লিংক
|