জন মাইকেল কষ্টাৰলিটজ
জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু ডেভিদ জেমছ থুলছৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3][4] শিক্ষাতেওঁ স্কটলেণ্ডৰ এবাৰদীনত জাৰ্মান-ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত গনভিল্লে আৰু কাইউচ কলেজৰ পৰা বিএ আৰু এমএ ডিগ্ৰী লাভ কৰে। তাৰপিছত ১৯৬৯ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ব্ৰাছেনোজ কলেজৰ পৰা ডিফিল ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনতাৰপিছত তেওঁ বীৰমিংহাম বিশ্ববিদ্যালয় আৰু কৰ্ণেল বিশ্ববিদ্যালয়ত ডেভিদ জেমছ থুলছৰ লগত গৱেষণাত যোগ দিয়ে। তাৰ পিছত তেওঁ ১৯৭৪ চনত বীৰমিংহাম বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ সুবিধা লাভ কৰে। প্ৰথমে প্ৰবক্তা আৰু পিছলৈ ৰিডাৰ হিচাপে তেওঁ তাত কাৰ্য নিৰ্বাহ কৰিছিল। ১৯৮২ চনৰ পৰা তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানবিভাগৰ অধ্যাপক ৰূপে শিক্ষাদান কৰি আহিছে। বৰ্তমান কষ্টাৰলিটজ ফিনলেণ্ডৰ এল্ট' বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক। তেওঁৰ গৱেষণা বিষয় সমূহ হল: ঘনীভুত পদাৰ্থ সূত্ৰ, একমাত্ৰীয় আৰু দ্বি-মাত্ৰীয় পদাৰ্থ বিজ্ঞান; ফেজ ট্ৰান্সজিছন: যাদৃচ্ছিক তন্ত্ৰ: ইলেক্ট্ৰন লোকেলাইজেচন আৰু স্পীন গ্লাছ, আৰু সংকট গতিবিজ্ঞান:গলন আৰু স্ফটিকৰণ। বঁটা আৰু সন্মানতেওঁ ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[5] ১৯৮১ চনত ব্ৰিটিছ ইনষ্টিটিউট অফ ফিজিক্সে আগবঢ়োৱা মেক্সৱেল মেডেল আৰু বঁটা লাভ কৰে। ২০০০ চনত কষ্টাৰলিটজ-থুলছ ট্ৰান্সজিছনৰ বাবে তেওঁ আমেৰিকান ফিজিকেল ছোচাইটিয়ে তেওঁক লাৰ্চ অনচাগেৰ বঁটা লাভ কৰে। ১৯৯৩ চনৰ পৰা তেওঁ আমেৰিকান ফিজিকেল ছোচাইটিৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছে। তথ্য উৎস
বাহ্যিক সংযোগ |