ইন্দিৰা পি পি বৰা
গুৰু ইন্দিৰা প্ৰফুল্ল প্ৰসাদ বৰা চমুকৈ ইন্দিৰা পি পি বৰা (ইংৰাজী: India P P Bora) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যপটীয়সী। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু ইন্দিৰা পি পি বৰা বিশেষভাৱে জনাজাত।[1] তেওঁ ১৯৮২ চনত গুৱাহাটীত কলাভূমি নামেৰে সত্ৰীয়া আৰু ভাৰতনাট্যম শিক্ষানুষ্ঠান স্থাপন কৰিছিল। বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাড'ত অৱস্থিত নাট্যসংগম নৃত্য একাডেমীৰ কলাত্মক সঞ্চালক। ১৯৯৬ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত কেৰালা চৰকাৰে সত্ৰীয়া নৃত্যৰ জনপ্ৰিয়কৰণত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে গুৰু গোপীনাথ নাট্য পুৰস্কাৰ প্ৰদান কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2] প্ৰাৰম্ভিক জীৱন১৯৪৩ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসমৰ গোলাঘাটত এক ব্যৱসায়ী পৰিয়ালত ইন্দিৰা বৰাৰ জন্ম হৈছিল।[3] সোণাৰিত তেওঁলোকৰ চাহ বাগান আৰু প্লাইউড কোম্পানী আছিল। তেওঁৰ পিতৃ এগৰাকী চিকাৰী আছিল আৰু তেওঁ ৩৯টা বাঘ আৰু কেইটামান হাতীৰ চিকাৰ কৰিছিল। তেওঁক দেউতাকে সৰুতে বন্দুক চলাবলৈ শিকাইছিল। সৰুতে তেওঁৰ মোমায়েক প্ৰদীপ চলিহাই তেওঁ আইতাকৰ ঘৰলৈ লৈ যায় আৰু তাতেই তেওঁ সত্ৰীয়া নৃত্য শিকিবলৈ আৰম্ভ কৰে। তেওঁ পাঁচ বছৰ কাল আইতাকৰ ঘৰত আছিল আৰু এই সময়তে তেওঁ প্ৰাৰম্ভিক শিক্ষাও গ্ৰহণ কৰিছিল। ১৯৫৬ চনৰ পৰা ১৯৬১ চনলৈ তেওঁ সত্ৰীয়া নৃত্য শিকিছিল। ১৯৬১ চনত তেওঁ কলাক্ষেত্ৰলৈ আহে আৰু ১৩ বছৰ কাল অতিবাহিত কৰে।[4] কেৰিয়াৰইন্দিৰা পি পি বৰাই প্ৰথমে ৰসেশ্বৰ শইকীয়া বৰবায়ন, ঘনকান্ত বৰা আৰু প্ৰদীপ চলিহাৰ ওচৰত সত্ৰীয়া নৃত্য শিকিছিল। তাৰপিছত তেওঁ মাদ্ৰাজৰ কলাক্ষেত্ৰত ৰুক্মিণী দেৱী অৰুণ্ডেলৰ ওচৰত ১৩ বছৰকাল ভাৰতনাট্যম শিকিছিল। তাৰপিছত তেওঁ গুৰু ভেম্পতি চিন্না সত্যমৰ ওচৰত কুচিপুড়ি শিকিছিল।[4] ১৯৮২ চনত তেওঁ গুৱাহাটীত শাস্ত্ৰীয় নৃত্যৰ প্ৰতিষ্ঠান কলাভূমি স্থাপন কৰে।[4] তেওঁ ইয়াত ভাৰতনাট্যম আৰু সত্ৰীয়াৰ শিকাবলৈ আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলৰাড'ত অৱস্থিত নাট্যসংগম নৃত্য একাডেমীৰ কলাত্মক সঞ্চালক। সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কেইবাজনো বিখ্যাত ব্যক্তি যেনে: ৰবীন্দ্ৰনাথ ঠাকুৰ, বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদিৰ বহুতো গীত আৰু কবিতাত নৃত্য নিৰ্দেশনা কৰিছে।[5] তেওঁৰ জীয়ৰি মেনকা পি পি বৰাও এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী তথা গৱেষক। তেওঁ সংগীত নাটক একাডেমীৰ ওস্তাদ বিচমিল্লাহ খান যুৱ পুৰস্কাৰো লাভ কৰিছে।[6] তেওঁ দেশ-বিদেশৰ বিভিন্ন ঠাইত নিজ কন্যাৰ সৈতে শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰিছে। বঁটা আৰু সন্মানইন্দিৰা পি পি বৰায়ে শাস্ত্ৰীয় নৃত্য ঘাইকৈ সত্ৰীয়াৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:
তথ্য উৎস
|