ইণ্ডিয়ান ছুপাৰ লীগ (ইংৰাজী: Indian Super League) হৈছে ভাৰতবৰ্ষৰ এখন সৰ্বোচ্চ পেছাদাৰী ফুটবল লীগ। স্পনচ'ৰশ্বিপ সম্বন্ধীয় কাৰণৰ বাবে ইয়াক Hero Indian Super League হিচাপেও জনা যায়। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন(All India Football Federation) আৰু ফুটবল স্প'ৰ্টছ্ ডেভেলপমেণ্ট লিমিটেড (Football Sports Development Limited)ৰ দ্বাৰা আয়োজিত ভাৰতবৰ্ষৰ এই উচ্চখাপৰ লীগত সমগ্ৰ ভাৰতবৰ্ষৰ ১১ টা ফ্ৰেন্সাইজ(franchise) দলে ভাগ লয়।[2] এই লীগখন অক্টোবৰৰ পৰা ডিচেম্বৰলৈ চলে। [3]ইণ্ডিয়ান ছুপাৰ লীগ গঠনৰ পূৰ্বে আই-লীগ (I-League) ভাৰতৰ সৰ্বোচ্চ লীগ হিচাপে বিবেচিত আছিল, যি বৰ্তমান ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পেছাদাৰী লীগ।
২০১০ চনৰ ৯ ডিচেম্বৰ তাৰিখে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে(All India Football Federation) ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ (Reliance Industries) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ International Management Groupৰ সৈতে এখন ৭০০ কৌটি টকীয়া ১৫ বছৰীয়া চুক্তি স্বাক্ষৰ কৰে।[5] এই চুক্তি খনে IMG-Reliance ক স্পনচ'ৰশ্বিপ, বিজ্ঞাপন, সম্প্ৰচাৰ, ব্যৱসায়, ভিডিঅ', ফ্ৰেন্সাইজিং( franchising) আৰু নতুন ফুটবল লীগ গঠনৰ স্ম্পূৰ্ণ অধিকাৰ দিয়ে। [5] ২০১০ চনৰ অক্টোবৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে Zee Sportsৰ সৈতে কৰা ১০ বছৰীয়া চুক্তি ৫ বছৰ আগতে ভংগ কৰাৰ ঠিক পিছতে এই চুক্তিখন কৰা হয়।[6]
আই-লীগৰ ক্লাব সমূহৰ স্বত্বাধিকাৰীসকল আৰু ফেডাৰেচনৰ মাজত যোগাযোগৰ অভাৱত সংঘাত হোৱাত আই পি এল ৰ আৰ্হিৰ ফুটবল লীগ এখন আয়োজনৰ বিষয়ে প্ৰথম গুজৱ ওলায়। গুজৱটো এইবুলি ওলাইছিল যে IMG-Reliance এ আই-লীগক আই পি এল আৰু যুক্তৰাষ্ট্ৰৰ Major League Soccer ৰ আৰ্হিত পুনৰ্গঠনৰ পৰিকল্পনা কৰি আছে।[7]
২০১১ চনৰ ২৫ এপ্ৰিলত আই পি এল ৰ আৰম্ভণিৰ সমসাময়িক ভাৱে পশ্চিম বংগৰ ইণ্ডিয়ান ফুটবল এচ'চিয়েচনে(Indian Football Association) বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰ(Bengal Premier League Soccer)ৰ উদ্বোধন কৰে আৰু প্ৰথম চিজনৰ ২০১২ খেলা হ'ব বুলি নিৰ্ধাৰণ কৰে।[8] এই লীগৰ গোটেই ৬টা ফ্ৰেন্সাইজ দল পশ্চিম বংগৰে হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ২০১২ চনৰ ফেব্ৰুৱাৰীত ইয়াক অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয় আৰু শেষত ২০১৩ চনত বিত্তীয় দুৰ্বলতাৰ বাবে ইয়াক বাতিল কৰা হয়।[9]
বেংগল প্ৰিমিয়াৰ লীগ চ'কাৰৰ বিফলতাৰ স্বত্বেও সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে IMG-Relianceৰ আই পি এল আৰ্হিৰে ২০১৪ চনত ফুটবল লীগ আয়োজনৰ প্ৰস্তাৱটো অনুমোদন জনায়।[10] কিন্তু আই লীগৰ ক্লাবসমূহে এই অনুমোদনক সম্পূৰ্ণৰূপে বিৰোধ কৰিবলৈ ধৰিলে।[11] ক্লাবৰ স্বত্বাধিকাৰীসকলে Indian Professional Football Clubs Association বুলি সংগঠন এটি গঠন কৰি ক্লাব সমূহৰ খেলুৱৈসকলক IMG-Reliance লীগত খেলোৱাৰ তীব্ৰ বিৰোধিতা কৰে।[11] কিন্তু আগষ্ট ২০১৩ ত IMG-Relianceএ প্ৰয়োজনীয় সংখ্যক ভাৰতীয় খেলুৱৈৰ লগত ইতিমধ্যে চুক্তি কৰা বুলি ঘোষণা কৰে।[12]