অন্নদাশঙ্কৰ ৰায়
অন্নদাশঙ্কৰ ৰায় (ইংৰাজী: Annada Shankar Ray, ১৫ মাৰ্চ ১৯০৪ – ২৮ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি আৰু বাংলা ভাষাৰ প্ৰাবন্ধিক। তেওঁ কিছু সংখ্যক ওডিয়া কবিতাও ৰচনা কৰিছিল।[1] ভাৰত বিভাজনৰ সমালোচনা কৰি তেওঁ কেইবাটাও বাংলা কবিতা ৰচনা কৰিছিল। আটাইতকৈ উল্লেখযোগ্য হ'ল "তেলেৰ শিশি ভাঙল বলে খুকুৰ পৰে ৰাগ কৰো।" তেওঁৰ বহু ৰচনাৰ ভিতৰত বাংলাৰ ৰেনেছাঁ নামৰ গ্ৰন্থখনত বংগৰ সাংস্কৃতিক আৰু সামাজিক বিপ্লৱৰ বিশ্লেষণাত্মক ইতিহাস আছে। ৰায়ৰ আটাইতকৈ পৰিচিত গ্ৰন্থ হৈছে ১৯৩১ চনত ইউৰোপ ভ্ৰমণৰ ডায়েৰী পথে প্ৰবাসে। ২০০২ চনৰ ২৮ অক্টোবৰত কলকাতাত তেওঁৰ মৃত্যু হয়। পাৰিবাৰিক ইতিহাসএই বাংলা আইকনৰ পূৰ্বপুৰুষৰ স্থান হৈছে পশ্চিম বংগৰ হুগলী জিলাৰ কোট্ৰুং (বৰ্তমানৰ উত্তৰপাৰা কোট্ৰুং)। তেওঁৰ পূৰ্বপুৰুষসকল কোট্ৰুঙৰ পৰা ওড়িশাৰ বালাসোৰ জিলালৈ প্ৰব্ৰজন কৰে। তেওঁৰ আইতাক দুৰ্গামণি জাজপুৰৰ এক অভিজাত বাঙালী সেন পৰিয়ালৰ কন্যা আছিল। অন্নদাশঙ্কৰ ৰায়ৰ পিতৃৰ নাম আছিল নিমাইচৰণ ৰায় আৰু মাতৃ আছিল কটকৰ এটা অভিজাত কায়স্থ পৰিয়ালৰ কন্যা। পাৰিবাৰিক কাজিয়াৰ ফলত নিমাইচৰণ ৰায়ে নিজৰ ঘাটি ধেংকনাললৈ স্থানান্তৰিত কৰে।[2] শিক্ষা জীৱনৰায়ে কটকৰ ৰেভেনশ্ব কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২৭ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীৰ তালিকাত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। পূৰ্বৰ বছৰটোত তেওঁৰ এটা ৰেংক কাটি যোৱাৰ বাবে এই স্থান দখল কৰিবলৈ ব্যৰ্থ হৈছিল। পিছলৈ উৰিষ্যা ৰাজ্য গঠন কৰাত সেই ভূখণ্ডৰ পৰা তেওঁ প্ৰথমজন আই চি এছ বিষয়া আছিল। সাহিত্য জীৱনবিভিন্ন প্ৰশাসনিক পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৫১ চনত তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি সাহিত্যিক কামত নিজকে নিয়োজিত কৰে। ৰাজনীতিত ৰায় গান্ধীবাদী আছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সাহিত্যক অনুপ্ৰাণিত কৰিছিল। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ তাৰুন্য (১৯২৮) যিটোৰে তেওঁ প্ৰাবন্ধিক হিচাপে ভৰি দিছিল। ১৯২৮ চনত তেওঁৰ ৰাখী নামৰ প্ৰথমখন কবিতা সংকলনও প্ৰকাশ পায়। ইয়াত ইংলেণ্ডত থকাৰ সময়ত তেওঁ ৰচনা কৰা কবিতাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইবোৰ ৰোমাণ্টিক কল্পনাৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছে যাৰ ফলত প্ৰকৃতি আৰু মানুহৰ আৱেগৰ জন্মগত বন্ধন জড়িত হৈ আছে। তেওঁৰ প্ৰথম দুখন উপন্যাস আছিল অসমাপিকা আৰু আগুন নিয়ে খেলা। ৰচনাকাৰ হিচাপে তেওঁ নগৰীয়া আৰু অত্যাধুনিক আছিল আৰু তেওঁৰ শিল্পত গদ্যৰ দুটা ভিন্ন শৈলীৰ সংমিশ্ৰণ ঘটাইছিল, যাক প্ৰতিনিধিত্ব কৰিছিল ঠাকুৰ আৰু প্ৰমাথা চৌধুৰীয়ে। ১৯৩১ চনত তেওঁৰ ইউৰোপ ভ্ৰমণৰ ডায়েৰী পথে প্ৰবাসে প্ৰকাশৰ লগে লগে তেওঁৰ সাহিত্যিক জীৱনে এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। ৰায়ে এজন চুটিগল্প লেখক হিচাপেও নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সংকলনসমূহৰ ভিতৰত প্ৰকৃতিৰ পৰিহাস (১৯৩৪), মন পাহন (১৯৪৬), কামিনি কাঞ্চন (১৯৫৪) আৰু গল্প আদি। টলষ্টয়ৰ এটা চুটিগল্পৰ বাংলা ৰেণ্ডাৰ আৰু শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ৰচনা নাৰীৰ মূল্যৰ মূল্যায়নৰে ১৬ বছৰ বয়সত সাহিত্য জগতত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে। উড়িয়া ভাষাত ৰচিত "সবিতা" কবিতাই মহাবিদ্যালয় পৰ্যায়ত ভাষাটোৰ উচ্চ অধ্যয়নত স্থান লাভ কৰি ভাৰতৰ দুখন ভিন্ন ভাষাভাষী ৰাজ্যৰ পৰা এনে প্ৰশংসা লাভ কৰা কেইজনমান কবিৰ ভিতৰত তেওঁ এজন। কাম-কাজঅন্নদশংকৰ ৰায় গদ্য আৰু কবিতা দুয়োটাৰে অৱদান আছিল। উপন্যাসসমূহ
ৰচনাসমূহ
আত্মজীৱনী
চুটি গল্প সংকলন
বঁটাতেওঁ ৰাজ্য চৰকাৰৰ পৰা বিদ্যাসাগৰ স্মৃতি বঁটা আৰু পদ্মভূষণ লাভ কৰে।[3] ১৯৮৯ চনত তেওঁক সাহিত্য অকাডেমীৰ ফেলো হিচাপে নিযুক্তি দিয়া হয়। বিশ্ব ভাৰতীয়ে তেওঁক দেশিকোত্তম আৰু সন্মানীয় ডি.লিট প্ৰদান কৰে। ইয়াৰ উপৰিও তেওঁ ৰবীন্দ্ৰপুৰস্কাৰ, দুবাৰকৈ আনন্দ পুৰস্কাৰ আৰু বাংলাদেশৰ জাইবুন্নিচা বঁটাও লাভ কৰে। তথ্যসূত্ৰ
|